ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আপৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্তৰ দাবী উত্থাপনেৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ বিজেপিৰ বিধায়কৰ দলৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ কেতবোৰ কামকাজক প্রতিফলিত কৰি তেওঁলোকে এই স্মাৰকপত্ৰ প্ৰদান কৰে। বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত ৰাজ্য চৰকাৰখন বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত গণতান্ত্ৰিক ব্যৱস্থা আৰু সাংবিধানিক প্ৰমূল্যসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰপতিগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি তেওঁলোকে দাবী উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।