ডাউনলোড
মোবাইল এপ

android apple
signal

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে ৰাজ্যত কাৰ্যসূচী অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত অহা ২১ জুনত যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০ জুনত জিলাখনত উপস্থিত হৈ নৈশ যাপন কৰাৰ লগতে পিছদিনা পুৱা যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল’ব। এই অনুষ্ঠানত দুই শহস্রাধিক লোকে অংশগ্ৰহণ কৰিব।
চিৰাং জিলা প্ৰশাসনে আজি ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ সহযোগত কাজল গাঁৱত নৱীকৃত যোগ উদ্যানখন মুকলি কৰা লগতে জিলা পৰ্যায়ৰ যোগাসন প্রতিযোগিতাৰ আয়োজন কৰে। যোগ উদ্যানখন চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত আয়ুক্তগৰাকীয়ে সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে পেৰেড গ্রাউণ্ডত চাৰিটা শাখাত যোগ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ ৰাজ্যিক আয়ুষ মিছনৰ যুটীয়া সঞ্চালক ডাঃ শশী সোণোৱালে কাজল গাঁৱৰ লগতে কার্বি আংলঙতো যোগ উদ্যান স্থাপন কৰি জনসাধাৰণক যোগাভ্যাসৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি উল্লেখ কৰে। যোগাসন প্রতিযোগিতাত ডেৰ শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি অহা ২০ জুনত জিলাখনৰ মিৰ্জাৰ ছহিদ ভৱনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাত আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতা চাৰিটা শাখাত অনুষ্ঠিত হ’ব। ১০ বছৰলৈ, ১০ৰ পৰা ১৮, ১৮ৰ পৰা ৩৫ আৰু ৩৫ বছৰৰ উৰ্ধৰ এই চাৰিটা শাখাত প্ৰতিযোগিসকলে অংশ ল’ব পাৰিব। ইচ্ছুক প্রতিযোগিয়ে অহা ১৯ জুনৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। কামৰূপ জিলাৰ লোকেহে এই প্রতিযোগিতাত অংশ ল’ব পাৰিব। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অহা ২১ জুনত মিৰ্জাৰ ছহিদ ভৱনত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।
যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত হ’বলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি পুৱা যোৰহাট জিলা যোগকেন্দ্ৰ চৌহদত চাৰিটা শাখাত যোগ প্রতিযোগিতা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক