June 16, 2025 7:59 PM

views 13

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে ৰাজ্যত কাৰ্যসূচী অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত অহা ২১ জুনত যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০ জুনত জিলাখনত উপস্থিত হৈ নৈশ যাপন কৰাৰ লগতে পিছদিনা পুৱা যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। এই অনুষ্ঠানত দুই শহস্রাধিক লোকে অংশগ্ৰহণ কৰিব। চিৰাং জিলা প্ৰশাসনে আজি ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ সহযোগত কা...