ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে-নিজৰ লগতে সমাজৰ বাবে যোগ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ দেবেন্দ্ৰনগৰত থকা সীমান্ত সুৰক্ষা বলৰ ৬৮ বেটেলিয়নত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। তেজপুৰৰ বায়ুসেনা শিবিৰত অনুষ্ঠিত যোগ প্ৰশিক্ষণত শোণিতপুৰ জিলা আয়ুক্তৰ লগতে তেজপুৰ বায়ুসেনা শিবিৰৰ বিষয়া উপস্থিত থাকে৷ আনহাতে দেবেন্দ্ৰনগৰৰ সীমান্ত সুৰক্ষা বলৰ প্ৰায় ৭০ গৰাকী জোৱানে যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। আৰ্থ অফ লিভিং ফাউণ্ডেচনৰ যোগ প্রশিক্ষক নবীন আগৰৱালাই যোগ প্ৰশিক্ষণ দিয়ে। আনহাতে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ এন টি পি চিৰ সমূহীয়া ভৱনতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্টডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।