ডাউনলোড
মোবাইল এপ

android apple
signal

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

● মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক আজি প্ৰদান কৰা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড০ মানসিঙক এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকিব। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যাত্মিক নৱজাগৰণৰ সুচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শৰাজী বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অর্জন কৰা ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে। এই বঁটাত নগদ ধনৰ উপৰি এখন প্ৰশংসা পত্র, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবদ্ধ আগবঢ়োৱা হয়। ২০০৮ চনৰ পৰা প্ৰতি ৩ বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি অহা হৈছে।

অধিক পঢ়ক

সকলো চাওক