অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্র শ্রমিক। দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ৬ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা হাস্পতালত শ্রমিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰী সোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৭ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে মন্ত্রী বিমল বৰাই কালি আনজাওৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, সেনা আৰু এন ডি আৰ এফৰ দলে চলোৱা উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে। অসমৰ ৬ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বৰাই অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়।
Site Admin | December 13, 2025 12:32 PM | Sarbananda Sonowal
আনজাওৰ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ চিকিৎসাধীন