November 26, 2025 11:57 AM | National milk day

printer

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। শ্বেতবিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে- দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক। এই দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৫ প্ৰদান কৰিব। একেটা কাৰ্যসূচীতে বিভাগটোক অধিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ প্ৰকল্পৰো উদ্বোধন কৰা হ’ব। অসমতো খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই দিৱস উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকিব।