● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে।

অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ ছহিদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ’ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ’ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্রায় ১০০ কোটি টকা ব্যয়সাপেক্ষে ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ল আৰু এই কাম সম্পূৰ্ণ হৈ উঠিল। এই ছহিদ স্মাৰকত মুঠ ৮৬০গৰাকী ছহিদৰ বহুসংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে।

অৱশেষত শ্বহীদসকলৰ ত্যাগৰ প্ৰতি প্ৰদৰ্শন কৰা এই স্বীকৃতিয়ে শ্বহীদ পৰিয়ালসমূহক আনন্দিত কৰি তুলিছে। ১৯৭৯ চনৰ আজিৰ দিনটোতে ভৱানীপুৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত শ্রদ্ধা জনাই এই দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰিবলৈ লোৱা হৈছিল।
শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ উদ্বোধন কৰিব। অসমত আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। কালি মুখ্যমন্ত্ৰীয়ে স্মাৰক ক্ষেত্ৰত শ্বহীদ প্ৰণাম জ্যোতি প্রজ্বলন কৰে। লগতে ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি ড° শৰ্মাই কয়, যে স্মাৰক ক্ষেত্ৰখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এটা প্ৰতীক আৰু জাতিৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব। মুখ্যমন্ত্ৰীয়ে লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ উপৰি ৰাজ্যৰ সকলো জিলাত তথা সমজিলা সদৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলোকে ভাগ ল’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, শ্বহীদ দিৱসৰ আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হৈছে।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত গান্ধী খেলপথাৰ, কুঁৱৰীটোলত অনুষ্ঠিত হৈছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি নগাঁও জিলা আয়ুক্ত, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়ালৈ সন্মিলিত শিল্পী সমাজ, কলিয়াবৰৰ দ্বাৰা পাৰিজাত হৰণ ভাওনা প্ৰদৰ্শন কৰা হ’ব৷
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সম জিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেল পথাৰত দিনৰ ১১ বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত ৪ হাজাৰ লোকে একেলগে সুধাকণ্ঠৰ ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰিব।

গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ পি আৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হ’ব।
ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগতো প্রভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰিবলৈ লোৱা হৈছে। কাইলৈ বিলাসীপাৰা সমজিলা প্ৰশাসনে চহৰখনৰ আই এম এ মিনি ষ্টেডিয়ামত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবে প্ৰস্তুতি চলাইছে।