ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ’বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। শ্রী মতী মুৰ্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ’বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভূবনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননণ্ড কলেজ আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। সেইদিনাই ভূৱনেশ্বৰৰ সমীপৰ হৰিদামাদা গাঁৱত ব্ৰহ্মকুমাৰীৰ ডিভাইন ৰিট্ৰিট চেণ্টাৰ উদ্বোধন কৰাৰ লগতে লাইফ ষ্টাইল ফৰ চাষ্টেইনেবিলিটি অভিযানৰ শুভাৰম্ভ কৰিব। মঙলবাৰে তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব। পাছত তেওঁ দিল্লীলৈ উভতি আহিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।