স্বাধীনতা সংগ্রামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ১৩৫ সংখ্যক জন্মবার্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমৰ সমাজ জীৱনৰ সামগ্ৰিক প্ৰগতিৰ বাবে গোপীনাথ বৰদলৈয়ে দেখুৱাই যোৱা আদৰ্শই চিৰদিন অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতৰত্ন গোপীনাথ বৰদলৈদেৱৰ গভীৰ স্বদেশ প্রেম, অসাধাৰণ ব্যক্তিত্ব আৰু দূৰদৰ্শিতাই আমাৰ জাতিক সদায় সমৃদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে।
অসম নাৰী কল্যান মঞ্চৰ সহযোগত চৰকাৰী পেঞ্চনাৰ সন্থা গুৱাহাটী শাখাৰ সৌজন্যত আজি চানমাৰীৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ প্ৰেক্ষাগৃহত আজি গোপীনাথ বৰদলৈৰ জন্মবার্ষিকী উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখক ময়ুৰ বৰাই বৰ্তমানৰ প্ৰেক্ষাপটত গোপীনাথ বৰদলৈৰ প্ৰাসংগিকতাৰ কথা দোহাৰে৷
Site Admin | June 6, 2025 9:02 PM | Akashvani Guwahati | Akashvani News | Gopinath Bordoloi
আজি স্বাধীনতা সংগ্রামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্মবার্ষিকী
