আজি ভোগালী বিহুৰ উৰুকা

ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুঁৱাৰে পৰা বজাৰসমূহত গ্রাহকে ভিৰ কৰা দেখা গৈছে। হেঁপাহৰ ভোগালী বিহুৰ বাবে প্ৰায়বোৰ ঠাইতে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। সকলোৱে মিলি উৰুকাৰ ভোজ-ভাতৰো আয়োজন কৰিছে।

ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্রীলক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ভোগৰ উৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৎসৱ কৃষকৰ সমৃদ্ধি আৰু জাতীয় ঐক্যৰ প্ৰতীক স্বৰূপ বুলি মন্তব্য কৰে।