January 4, 2025 5:51 PM | World Brail Day

printer

আজি বিশ্ব ব্রেইল দিৱস

আজি বিশ্ব ব্রেইল দিৱস। দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ব্ৰেইল ব্যৱস্থাৰ জনক লুই ব্ৰেইলৰ জন্ম দিনত ৪ জানুৱাৰী দিনটো বিশ্ব ব্রেইল দিৱস হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। ব্রেইল হৈছে প্ৰতিটো আখৰ আৰু সংখ্যাক প্ৰতিনিধিত্ব কৰিবলৈ ৬টা বিন্দু ব্যৱহাৰ কৰি বৰ্ণানুক্রমিক আৰু সংখ্যাগত চিহ্নৰ স্পৰ্শ উপস্থাপন যিয়ে সংগীত, গাণিতিক আৰু ৫ বৈজ্ঞানিক চিহ্নসমূহ অন্তর্ভুক্ত কৰে। ব্ৰেইল ভাষাৰ অন্ধ্ৰ আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকসকলে ছপা কৰা কিতাপ, কাকত আলোচনী আদি পঢ়িবলৈ ব্যৱহাৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্র পৃথিবীত এক বিলিয়ন লোকৰ ওচৰ বা দূৰত্বৰ দৃষ্টিশক্তিৰ অক্ষমতা আছে যিটো প্ৰতিৰোধ কৰিব পৰা যায়।
ভাৰতত চৰকাৰে দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে শিক্ষা, সংস্থান আৰু অধিকাৰ তথা তেওঁলোকৰ সামগ্রিক কল্যাণৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।