ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 9, 2024 1:40 PM | Assam

printer

আজি গদ্য সাহিত্যৰ জনক, কবিৰত্ন মহাপ্রভু দেৱ দামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৪৬৬ সংখ্যক জয়ন্তী

গদ্য সাহিত্যৰ জনক, কবিৰত্ন মহাপ্রভু দেৱ দামোদৰ দেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ আজি ৪৬৬ সংখ্যক জয়ন্তী। ভাৰতীয় আঞ্চলিক ভাষাত পোনপ্রথম কথা-সাহিত্যৰ ৰচকগৰাকীক আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ-নামঘৰসমূহৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰিব। এই উপলক্ষে ভাগৱত পাঠ, আয়তীৰ কীৰ্তন, নাম- প্রসংগ আদি ভালেমান কার্যসূচী অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে।