ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ চাৰিজন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৫৪ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কাজিৰঙাৰ চাৰিগৰাকী বনকৰ্মীয়ে নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে বর্তমান উদ্যানখনত ১০৪টা বাঘ থকাৰ কথা উল্লেখ কৰিছে। লগতে তেওঁ কয় যে, চলিত বৰ্ষত তিনিটা ভাগত একেলগে বাঘ গণনা প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্যান কর্তৃপক্ষই বাঘ গণনাৰ বাবে নিৰ্দিষ্ট কৰিড’ৰ বাচনি কৰি সংস্থাপন কৰা কেমেৰাত এই বৰ্ষত ৪ লাখ ফটো লাভ কৰিছে। গঁড়কেন্দ্ৰিক পৰ্যটনৰ বাবে বিশেষ নাম থকা কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিয়েও পর্যটন ক্ষেত্ৰখনৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে। একে সময়তে বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জনাঞ্চললৈ বাঘ ওলাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এনেক্ষেত্ৰত উদ্যানৰ পৰা ওলাই যোৱা বাঘৰে মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে উদ্যান কর্তৃপক্ষই সজাগতামূলক অনুষ্ঠান পাতিব বুলিও সঞ্চালকগৰাকীয়ে জনায়।
ইপিনে বিশ্ব ঐতিহ্যক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলত দিনজোৰা কাৰ্যসূচীৰে আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয়। ব্যাঘ্ৰ দিৱস উপলক্ষে চিত্র প্রদর্শনী, বাঘ সংৰক্ষণ সন্দৰ্ভত আলোচনা চক্ৰৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কাম কৰি যোৱা কেইবাগৰাকী বিশেষ ব্যক্তিক সম্বর্ধনা জনোৱা হয়। এই কাৰ্যসূচীত বিটিচিৰ বন বিভাগৰ বিষয়া সুমন মহাপাত্র, প্রাক্তন ক্ষেত্ৰ সঞ্চালক হিৰণ্য শৰ্মাৰ লগতে কেইবাগৰাকী বন বিষয়া তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।