ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।