আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

■ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ’ব।