ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। আজি কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হেজাৰ হেজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আয়তীয়ে খেৰি পৰিৱেশন কৰে। এই কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশ লৈ খেৰি পৰিৱেশন আৰু গছ তলৰ বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক বলিন চেতীয়া, পোনাকন বৰুৱা, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাইলৈ এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক বদৌচা সমন্বয় বঁটা প্ৰদান কৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।