ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 27, 2024 12:13 PM | school timing

printer

আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য কৰা হৈছে। সেই অনুসৰি যোৰহাট, কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া চাৰ ১২ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা চাবে সাত বজাৰ পৰা দুপৰীয়া ১ বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। আনহাতে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাত আৰম্ভ হৈ দুপৰীয়া এক বাজি ৫৫ মিনিটত অন্ত পৰিব। ইপিনে কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ, মাধ্যমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ৰ পৰা দুপৰীয়া ডেৰ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কৰিমগঞ্জ জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৰা চাৰে সাত বজাৰ পৰা ১২ বাজি ১৫ মিনিটলৈ, উচ্চ প্রাথমিক বিদ্যালয়ৰ সময় পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১২ বাজি ৪৫ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১ বাজি ১৫ মিনিটলৈ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে জিলাসমূহৰ বিদ্যালয়ত পাঠদানৰ এই নতুন সময় সূচী আজিৰে পৰা পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।