আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ

নীতি আয়োগে সমগ্ৰ দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ৬ টা ঘাই সূচকৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ লক্ষ্য উপনিত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অভিলাষী জিলাৰ কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিক সামৰি লোৱাৰ বিপৰীতে অভিলাষী খণ্ড কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য সেৱা, প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি তথা সামাজিক উন্নয়নক সামৰি লোৱা হৈছে। এই অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পৰ্যায় বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।