আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্‌ছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ লগতে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া, জাপান আৰু দক্ষিণ কোৰিয়াকে ধৰি আলোচনাৰ দিশৰ ৮ খন সহযোগী ৰাষ্ট্ৰক সামৰি ‘এ ডি এম এম প্লাছ’ মঞ্চখন গঠন কৰা হৈছে। এই দুয়োটা ৰাষ্ট্ৰগোষ্ঠীৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ‘এ ডি এম এম প্লাছ’ মঞ্চৰ দেশসমূহৰ একোখন বৈঠক প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ আহিছে। উল্লেখযোগ্য যে লাওছত হ’বলগীয়া এই বৈঠকৰ অৱসৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াত অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়া, চীন, জাপান, লাওছ, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপিন্‌ছ, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সংশ্লিষ্ট দেশসমূহৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্কীয় দ্বিপাক্ষিক সহযোগিতা অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই বৈঠকসমূহৰ পৰিকল্পনা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।