ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকাণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলসমূহতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে লগতে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফ্ফৰবাদ আৰু হিমাচল প্ৰদেশতো আজি আৰু কাইলৈ বতাহ, আৰু বিজুলী গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা ২৪ মে’লৈকে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ২২ মে’ৰ আশে-পাশে কৰ্ণাটক উপকূলৰ পূব মধ্য আৰৱ সাগৰৰ ওপৰত নিম্ন চাপ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ দিশলৈ এই নিম্ন চাপ ক্ৰমাৎ তীব্ৰতৰ হৈ মহাৰাষ্ট্ৰৰ বতৰত যথেষ্ট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ উপকূলত বিশেষকৈ কোংকান আৰু গোৱাৰ সমীপত ধুমুহা-বৰষুণৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত অহা ৫ দিনৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলৰ বাবে সতর্কবাণী জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।