ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2025 6:58 PM | CHAR DHAM YATRA

printer

আকাশবাণীৰ দ্বাৰা চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণীয়ে চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰিব। কাইলৈ দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ গংগোত্রী ধাম মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰাৰ উপৰি চাৰে ১১ বজাৰ পৰা চাৰে ১২ বজালৈ যমুনাত্রী ধাম মুকলি কাৰ্যসূচী পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ২ মে’ৰ পুৱা ৬ বজাত কেদাৰনাথ ধাম আৰু ৪ মে’ৰ পুৱা চাৰে ৬ বজাৰ পৰা চাৰে ৭ বজালৈ বদ্রীনাথ ধাম মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আকাশবাণীৰ ইন্দ্ৰপ্ৰস্থ, এফ এম গোল্ড আৰু আৰাধনা চেনেলৰ উপৰি নিউজ অন এয়াৰ এপ যোগেও এই কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ শুনিব পাৰিব। কাইলৈৰ পৰা ৪ মে’ পর্যন্ত প্ৰতিদিনে সন্ধিয়া চাৰে ৭ বজাৰ পৰা ৭ বাজি ৪৫ মিনিটলৈ এই যাত্ৰাৰ তথ্য প্ৰকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক