আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ’ শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এনে স্মৃতি আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৰেডিঅ’ৰ সৈতে নিজৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰাৰ লগতে আকাশবাণীত অনুষ্ঠানৰ ঘোষণা নাইবা বাতৰি পঢ়োতাসকলক সাবধান হৈ আৰু শুদ্ধতা অটুত ৰাখি শব্দ উচ্চাৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীর্ষ বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী আৰু বিশিষ্ট শিল্পী, বনচাই বিশেষজ্ঞ লাবু সেনাপতিয়েও ৰেডিঅৰ সৈতে থকা স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে শ্রোতাসকলক অৱগত কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই আকাশবাণীৰ মান অটুত ৰাখি বিশ্বাসযোগ্যতা বৰ্তাই ৰাখি কাম কৰি যাবলৈ ইয়াৰ সৈতে জড়িত সকলোকে আহ্বান জনায়। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Site Admin | October 12, 2025 12:00 PM | Aakashbani Guwahati
আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি সোঁৱৰণ
