ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই পি এলত সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম পাঞ্জাব কিংছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। এই খেলখনত জয়লাভ কৰা দলটো মঙলবাৰে একেখন ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ’ব। মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈকে পাঁচবাৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। ইয়াৰ বিপৰীতে পাঞ্জাবে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জনৰ চেষ্টা চলাব।