আই পি এলত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছ বানান দেলহী কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪২ ৰানত পৰাস্ত কৰে। ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰুৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হ’বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ বানহে কৰিবলৈ সমৰ্থ হয়। ১৪ অভাৰলৈ দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক আছিল যদিও ইয়াৰ পাছত মাত্র ১৬ ৰানতেই শেষৰ ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ দিশে গতি কৰে। ছানৰাইজাৰ্ছ হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা আৰু এশ্বান মালিংগাই দুটা উইকেট লাভ কৰে।
ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ঈশান কিষাণে মাত্র ৪৮টা বলত ৯৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। বেংগালুৰুৰ হৈ ৰোমাৰিঅ’ শ্বেফার্ডে দুটা উইকেট লাভ কৰে। ঈশান কিষাণক প্লেয়াৰ অৱ দ্যা মেচ ঘোষণা কৰা হয়।
প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত পঞ্জাব কিংছ দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।