ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে।
খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৮০ বান কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৩টা বলত ৭৩ ৰান কবি আউট নোহোৱাকৈ থাকে। দিল্লীৰ মুকেশ কুমাৰে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ডেলহি দলে ১৮ অভাৰ আৰু দুটা বল খেলি ১২১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ডেলহিৰ হৈ সমীৰ বিজিৱিয়ে সর্বাধিক ৩৯ বান কৰে। মুম্বাইৰ হৈ মিছেল ছেণ্টনাৰ আৰু যশপ্রীত বুমৰাই তিনিটাকৈ উইকেট দখল কৰে। সূর্য কুমাৰ যাদৱক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ।
প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।