আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ’ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ’ব।