আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি নিশা নবী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্পর্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই ৪৮ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০২ ৰান কৰে। দলৰ হৈ হাছিনি পেৰেৰাই সৰ্বাধিক ৮৫ ৰান কৰে। বাংলাদেশৰ হৈ শ্ব’ৰনা আখটাৰে তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশে ৪৫ অভাৰ আৰু এটা বলত ৪ উইকেটৰ বিনিময়ত ১৭৬ ৰানৰ শক্তিশালী প্ৰদৰ্শন কৰে যদিও অৱশেষত নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৯৫ ৰানহে কৰিবলৈ সমর্থ হয়। অন্তিমটো অভাৰত বাংলাদেশক জয়ৰ বাবে ৯ ৰানৰ আৱশ্যক হৈছিল যদিও প্রথম চাৰিটা বলতেই চাৰিটাকৈ উইকেট হেৰুৱায়। শ্ৰীলংকাৰ অধিনায়ক চামাৰি আট্টাপাটুৱে শেষৰ তিনিটা উইকেট দখল কৰে। বাংলাদেশৰ হৈ অধিনায়ক নিগৰ চুলতানাই ৭৭ ৰান কৰাৰ লগতে ছাৰ্মিন আখটাৰে ৬৪ ৰান কৰি অপৰাজিত হৈ ৰয়। কালিৰ এই ফলাফলে শ্ৰীলংকাৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰখাৰ বিপৰীতে বাংলাদেশে নিজৰ পঞ্চম পৰাজয়ৰ পাছত অভিযান সামৰিছে।
Site Admin | October 21, 2025 11:01 AM | ICC Women's Cricket World Cup 2025
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে
