October 12, 2025 9:20 PM | ICC Women World Cup

printer

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অস্ট্রেলিয়াক জয়ৰ বাবে ভাৰতৰ ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত ভাৰতে অস্ট্রেলিয়াক জয়ৰ বাবে ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৮ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সর্বাধিক ৮০ ৰাণ কৰে। প্ৰতীকা ৰাৱলে ৭৫ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৩৪ অভাৰত ৩ টা উইকেট হেৰুৱাই ২২১ৰান সংগ্ৰহ কৰি খেলি আছে।