ভাৰত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পোর্টছ একাডেমীত হ’বলগীয়া আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব। ভাৰতে যোৱা বৃহস্পতিবাৰে নৱী মুম্বাইত অনুষ্ঠিত ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমিফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্রিকাই গুৱাহাটীত অনুষ্ঠিত প্রথমখন চেমিফাইনেলত ইংলেণ্ডক ১২৫ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। দুয়োটা দলে বৰ্তমানলৈকে বিশ্বকাপৰ খিতাপ দখল কৰা নাই। ভাৰতে এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব। ইয়াৰ বিপৰীতে এয়া হ’ব দক্ষিণ আফ্রিকাৰ প্ৰথম বিশ্বকাপ ফাইনেল।
Site Admin | November 2, 2025 11:22 AM | ICC Women's Cricket World Cup 2025
আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ভাৰত