ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 12, 2025 11:36 AM | ISL

printer

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগানৰ বিৰুদ্ধে ইষ্ট বেংগল ১-০ গলত পৰাস্ত

মোহন বাগানে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ১-০ গলত পৰাস্ত কৰে। মোহন বাগানৰ জেমি মেকলাৰেনে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলত মোহম্মদান স্পোর্টছ ক্লাবে বেংগালুৰু এফ চিক ১-০ গলত পৰাভূত কৰে। মিৰ্জালোল কাছিমোফে খেলৰ ৮৮ মিনিটত একমাত্র গলটো দিয়ে। প্রতিযোগিতাত আজি মুম্বাইত হ’বলগীয়া এখন খেলত জামছেদপুৰ এফ চি মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।