আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্ট হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মোহন বাগান ছুপাৰ জায়েণ্ট আজি বিবেকানন্দ যুৱভাৰতী ক্রীড়াঙ্গনত হ’বলগীয়া আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ ১৩খন খেলৰ পৰা ২৯ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। হায়দাবাদ এফ চিয়ে ১৩খন খেলৰ পৰা মাত্র ৮ পইণ্ট লাভ কৰি দ্বাদশ স্থানত আছে।