November 8, 2025 8:34 PM | Arrest

printer

অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মহানগৰ কাৰ্যালয়ত ভাৰতীয় প্ৰশাসনিক বিষয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ প্ৰতিৰোধ আইনৰ অধীনত তদন্তকাৰী সংস্থাটোৱে এই সম্পত্তি জব্দ কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুক্ত আৰু দূৰৱৰ্তী শিক্ষাকোষৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা অভিযুক্ত শেৱালী দেৱী শৰ্মা ১০৫ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত লিপ্ত হৈছিল। এই গোচৰতে মুখমন্ত্ৰীৰ তদাৰকী কোষে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজাববীয়াকৈ তদন্ত চলায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।