অৰুণাচল প্ৰদেশৰ পাছিঘাটত সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিক গৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং দাইক লুম্মেৰ দাই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে থংছি আৰু সাহিত্যিক নন্দ সিং বৰকলাৰ লগতে দুয়োখন ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
অসম সাহিত্য সভাৰ আহ্বানত আজি ওদালগুৰি জিলা সাহিত্য সভাইও বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ওপজা দিন পালন কৰে।