ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৯ টা ৰাজ্যিক জিলা পথ উন্নয়ন প্ৰকল্পৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ অতি ভিতৰুৱা ঠাইসমূহতো যোগাযোগৰ ব্যৱস্থা সূচল কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে সামাজিক-অর্থনৈতিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ খণ্ডৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা, ভিতৰুৱা অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ লগতে আঞ্চলিক উন্নয়ন সাধনৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।