অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই চীনৰ এনেধৰণৰ কাৰ্য মুঠেও গ্রহণযোগ্য নহয় আৰু ই ভাৰতৰ সু-সংগত আৰু সিদ্ধান্তবাদী স্থিতি সম্পূৰ্ণ বিপৰীত বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয়, যে অৰুণাচল প্ৰদেশ যে ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ আৰু আগলৈও হৈ থাকিব, সেই স্পষ্ট আৰু ধ্ৰুৱসত্যক এখন দেশৰ অযুক্তিকৰ নামাকৰণে সলনি কৰিব নোৱাৰে।
Site Admin | May 14, 2025 7:50 PM | China against India
অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতৰ স্পষ্ট অস্বীকাৰ