ডাউনলোড
মোবাইল এপ

android apple
signal

অহা ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্রীক অসম চুক্তিৰ ৬ নম্বৰ দফাৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত উপ-সমিতিখনে চলিত বৰ্ষৰ ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত প্রতিবেদন দাখিল কৰিব। আজি গুৱাহাটীৰ জনতা ভৱনত অসম চুক্তি ৰূপায়ণ উপ-সমিতিৰ ষষ্ঠ বৈঠকত এই কথা প্ৰকাশ কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াসকলৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে আগবঢ়োৱা ৩৯টা পৰামৰ্শৰ সৈতে জড়িত বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই অসম চুক্তিৰ ৭ নম্বৰ দফা সন্দৰ্ভত এখন উপ-সমিতি গঠন কৰি ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ বাবে পৰামৰ্শ দিয়ে। মন্ত্ৰী বৰাই এই পৰামৰ্শসমূহ বিবেচনাৰ বাবে গ্ৰহণ কৰাৰ লগতে ৬ নম্বৰ দফাৰ ৰূপায়ণে অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষিত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে। বৈঠকত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শর্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ উপৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক