অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেল

অসম ক্রিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে। ডেভিড দাসক অধিনায়ক আৰু মুক্তাৰ হুছেইনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাফ, সুমিত ঘাদিগাওকাৰ, ৰুহীনন্দন পেগু, ঋষভ দাস, শুভম মণ্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলীক অন্তৰ্ভুক্ত কৰা হৈছে।
00000 নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নির্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ’ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দেৰবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাকি, গাজিয়াবাদ, খাইৰ, কাহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ নৱেম্বৰতে ভোটগণনা কৰা হব। বিজেপি, কংগ্ৰেছ, বি এছ পিৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু কেতবোৰ সামাজিক সংস্থাৰ পৰা লাভ কৰা আবেদনৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰাজনৈতিক তথা সংস্থাসমূহে অহা ১৩ নৱেম্বৰত কেইবাটাও সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী থকাৰ বাবে ভোটগ্ৰহণৰ দিন সলনি কৰিবলৈ দাবী জনাইছিল।