অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয়, যে আমাৰ যুৱশক্তিয়ে বিকশিত অসমৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব আৰু ইয়াৰ বাবে তেওঁলোকক, নিজৰ হাতত থকা উৎকৃষ্ট সুযোগসমূহৰ সদব্যৱহাৰ কৰা তথা প্ৰয়োজনীয় শিক্ষাৰ বাবে সকলো সা-সুবিধা আগবঢ়োৱা হ’ব।বাইটএই সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ অমল চন্দ্র কটকীক সন্মানীয় ড০ অৱ চায়েন্স ডিগ্ৰী প্ৰদান কৰে। আন এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনক জনজীৱনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ ১৪৮ গৰাকীক পি এইচ ডি, ১৪ গৰাকীক এম ফিল, ৩,৭৪১ গৰাকীক স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা ডিগ্ৰী প্ৰদান কৰা হয়। ৰাজ্যপাল শ্রীআচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ বাবে সকলোকে প্ৰশংসা কৰে।
Site Admin | April 25, 2025 8:06 PM | akashbani | Akashvani Guwahati | CM Himanta Biswa Sarma
অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
