May 2, 2025 8:04 PM

views 22

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত ৰঙালীৰ ধেমালি শীৰ্ষক বাৰেৰহণীয়া অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত আজি ৰঙালীৰ ধেমালি শীৰ্ষক এটি বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰটোৰ সকলো বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পানী- পাৰ, বেলুন ফুটোৱা আদি বিভিন্ন খেল-ধেমালিৰ লগতে কেন্দ্ৰটোৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়ে। 

April 25, 2025 8:06 PM

views 35

অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয়, যে আমাৰ যুৱশক্তিয়ে বিকশিত অসমৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব আৰু ইয়াৰ বাবে তেওঁলোকক, নিজৰ হাতত থকা উৎকৃষ্ট সুযোগসমূহৰ সদব্যৱহাৰ কৰা তথা প্ৰয়োজনীয় শিক্ষাৰ বাবে সকলো সা-সুবিধা আগবঢ়োৱা হ'ব।বাইটএই সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচা...

February 14, 2025 6:40 PM

views 29

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ১৯৮০ চনৰ আজিৰ দিনটোতে কলংপৰীয়া গীতিকাৰ হিচাপে পৰিচিত ৰুদ্ৰ বৰুৱাৰ দেহাৱসান ঘটিছিল। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰী সোণোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, ৰুদ্ৰ বৰুৱাৰ কালজয়ী গীতসমূহত কেঁচা মাটিৰ গোন্ধ সংমিশ্ৰিত হৈ আছে। অসমৰ তাহানিৰ জনজীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলনেৰে মাদকতাপূৰ্ণ ৰুদ্ৰ বৰুৱাৰ গীতসমূহ শুনিলে শুনি থাকিবৰ মন যায় বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷

February 7, 2025 6:57 PM

views 29

কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পর্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে জ্ঞানৰ নিৰবধি কেন্দ্ৰৰূপে ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয়, যে দেশৰ প্ৰজ্ঞা সম্পর্কিত পৰম্পৰাই সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিছে। বিশ্বৰ অন্যান্য প্রান্...

January 27, 2025 3:01 PM

views 35

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 22, 2025 7:55 PM

views 37

২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। দেশৰ ১৩খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্রীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহোৎসৱৰ এম্বেচাদৰ হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ নাম বাছনি কৰা হৈছে।

December 30, 2024 8:25 PM

views 33

কাইলৈ নিশা আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত কাইলৈ নিশা ৮ বাজি ২ মিনিটত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। বিশিষ্ট চলচ্চিত্র সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।