যোৱা পহিলা ডিচেম্বৰৰ পৰা বাতিল আৰু উৰণ-অৱতৰণৰ বিলম্ব হোৱা ঘটনাক লৈ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান পৰিবহন সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ইয়াৰ লগতে এই ঘটনাৰ কঠোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ ফলাফল অনুসৰি বিমান সেৱা নীতি আৰু আইন অনুসৰি কঠোৰ আৰু যথাযথ ব্যৱস্থা লোৱা হ’ব। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এন ডি এৰ এখন বৈঠকত সাংসদসকলক উদ্দ্যেশি কয়, যে সাধাৰণ নাগৰিকসকলৰ অসুবিধা হোৱাকৈ কোনো বোজা হৈ উঠা উচিত নহয়। কালি সদনত এই বিষয়টোলৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুয়ে ইণ্ডিগো বিমান সেৱা শীঘ্ৰে স্বাভাৱিক হ’ব আৰু সুৰক্ষা ব্যৱস্থাক লৈ আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ।
উল্লেখযোগ্য যে, ইণ্ডিগো বিমান সেৱাৰ ক্ষেত্রভিত্তিক পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ উপ-সঞ্চালক বিজয় প্রতাপ সিং কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। বিমানৰ উৰণ-অৱতৰণত হোৱা খেলি-মেলিৰ বাবে যাত্ৰীসকলে সন্মুখীন হোৱা দুৰ্ভোগৰ বুজ ল’বলৈ উপ-সঞ্চালকগৰাকীয়ে যাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষাকে অগ্ৰাধিকাৰ দিছে। তৎসত্বেও যাত্রীসকলে সন্মুখীন হোৱা এই পৰিস্থিতি অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি নঘটাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিমান বাতিলৰ ফলত ইণ্ডিগো বিমান কর্তৃপক্ষই ইতিমধ্যে দেশজুৰি ৮২৭ কোটি টকা যাত্ৰীসকলক ঘূৰাই দিছে।
Site Admin | December 10, 2025 11:19 AM | airbus | Akashvani | Akashvani News | Indigo airlines
অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিমান পৰিবহন সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী