যোৱা মাহৰ শেষৰ পৰা ইণ্ডিগোৰ বিমান সেৱাৰ বেমেজালিৰ পৰিপ্ৰেক্ষিতত আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ইণ্ডিগো বিমানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে বিমান পৰিবহন সংস্থাটোক বিমান পৰিবহন পৰিচালনাৰ ক্ষেত্ৰত সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক অনতিপলমে কাম-কাজ স্বাভাৱিক কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে যাত্ৰীৰ পৰা যাতে অধিক বিমান ভাড়া আদায় কৰা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক যিকোনো বিমান বাতিলৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতীয়াকৈ জনোৱাৰ উপৰিও যাত্ৰীসকলৰ বাবে হোটেলৰ ব্যৱস্থাৰ লগতে প্রয়োজনীয় সকলো সুবিধা আগবঢ়াবলৈ নির্দেশ দিয়ে।
বিমানৰ বাতিল মূলতঃ ক্রু পৰিকল্পনা সমস্যা, সংশোধিত বিমানৰ উৰণৰ সময় নিৰ্ধাৰণৰ সীমাবদ্ধতা তথা শীতকালীন প্ৰত্যাহ্বানসমূহৰ বাবে সৃষ্টি হয় বুলি ডিজিচিয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। জিডিচিয়ে জনোৱা মতে ইণ্ডিগো বিমানৰ দ্বিতীয় পৰ্যায়ৰ এফ ডি টি এলৰ নিয়মানুসাৰে প্রয়োজনীয় বিমান ক্রু কম আছিল বুলি অনুমান কৰাৰ ফলত পুনৰ বিমান উৰণৰ সময় পৰিকল্পনা কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়ে।
বিমান সংস্থাটোৱে লগতে কয়, যে সমাগত কেইবাটাও দিনৰ বাবে বিমানৰ বাতিল অব্যাহত থাকিব পাৰে। কিয়নো সংস্থাটোৱে নতুন সময়সূচী প্ৰৱৰ্তনৰ বাবে কাম কৰি আছে আৰু যাত্ৰীসকলৰ অসুবিধা লাঘব কৰিবলৈ অহা ৮ ডিচেম্বৰৰ পৰা বিমানসেৱা হ্ৰাস কৰিব। ডিজিচিয়ে লগতে ইণ্ডিগোৰ ক্ৰুৰ প্রয়োজনীয়তাৰ পৰিসংখ্যাও পর্যালোচনা কৰে। এই নতুন নীতিৰ অধীনত প্ৰয়োজনীয় আৰু উপলব্ধ হোৱা ক্রুৰ মাজত বৃহৎ ব্যৱধান লক্ষ্য কৰে। বিশেষকৈ নিশাৰ ভাগত ক্ৰুৰ সংখ্যা যথেষ্ট কম। বিমান পৰিবহন পৰিদৰ্শন সংস্থাই ইয়াৰ আঞ্চলিক কার্যালয়সমূহক ক্রু নিযুক্তি, প্ৰশিক্ষণ আৰু সুৰক্ষা পৰিকল্পনাৰ বাবে বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ইয়াৰ আঞ্চলিক কার্যালয়সমূহক নির্দেশ দিছে।