ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম সাহিত্য সভাৰ  পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ আশীৰ্বাদৰ লগতে বজালী অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। ইফালে মন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সচিবপ্রধান ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত এটা দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অধিবেশনৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়। তদুপৰি দলটোৱে অধিবেশনখন সফল কৰি তুলিবলৈ লোকনির্মাণ বিভাগ, বিদ্যুৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগক সহায়-সহযোগিতাৰ বাবে অনুৰোধ জনায়। এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রীয়ে আটাইকেইটা বিভাগকে সকলো প্ৰকাৰৰ সহায় আৰু সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশনা প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।