March 1, 2025 1:34 PM | cm assam startup

printer

অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি, ২০২৫ অনুসৰি কৃষি প্রযুক্তি, তথ্য প্রযুক্তি, তথ্য প্রযুক্তি নিৰ্ভৰ সেৱা আৰু কৃত্রিম বুদ্ধিমত্তা, ভ্রমণ প্রযুক্তি, খাদ্য প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তি খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ২০১৭ চনৰ অসম ষ্টার্টআপ নীতিক বহল পৰিসৰলৈ লৈ যাবলৈ শেহতীয়াকৈ অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্রীসভাই অনুমোদন দিছে। এডভাণ্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে এই নীতি বলৱৎ কৰাৰ অধিসূচনা জাৰি কৰা হৈছিল। এই নীতি অনুযায়ী অসমত আৰম্ভ কৰিব বিচৰা ষ্টার্টআপবোৰক একোটা ইউনিক আই ডি দিয়া হ’ব। মাই আছাম ষ্টার্টআপ আই ডি অর্থাৎ মাছি পাবলৈ আবেদনকাৰীসকলে নির্দিষ্ট প’ৰ্টেলত আবেদন কৰিব লাগিব। মাছিৰ জৰিয়তেহে ষ্টার্টআপসমূহে নতুন অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিৰ অধীনত সা-সুবিধাসমূহ লাভ কৰিব। উদ্যমীসকলৰ সুবিধা হোৱাকৈ আছাম ষ্টার্টআপ হাবত উপলব্ধ সা-সুবিধাসহ বিনামূলীয়াকৈ কাৰ্যালয় পতাৰো সুবিধা এই নীতিৰ অধীনত কৰা হৈছে। আর্থিক অনুদানৰ ক্ষেত্ৰতো মাছি থকা উদ্যমীসকলে ১০ লাখ টকা পর্যন্ত এককালীন অনুদান লাভ কৰিব পাৰিব। পৰৱৰ্তী সময়ত পাইলট প্রজেক্ট আৰম্ভ কৰাৰ বাবে ২৫ লাখ টকালৈকে আর্থিক অনুদান লাভ কৰাৰ সুবিধাও এই নতুন উদ্ভাৱন নীতিৰ অধীনত কৰা হৈছে। ইয়াৰ লগতে উৎকৃষ্ট প্রদর্শন দেখুওৱা উদ্যমী আৰু উদ্ভাৱকসকললৈ স্কেল আপ গ্রাণ্ট হিচাপে ৫০ লাখ টকা পর্যন্ত অনুদান পোৱাৰ সুযোগ নতুন ষ্টার্টআপ আৰু উদ্ভাৱন নীতিত আছে। এই নীতি কাৰ্যকৰী কৰিবলৈ উদ্যোগ বিভাগৰ জ্যেষ্ঠতম সচিবক অধ্যক্ষ হিচাপে লৈ এখন উচ্চস্তৰীয় কমিটি আৰু এখন নীতি ৰূপায়ণ সমিতি গঠনৰ কথা কোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বাজেটত উদ্যমী আৰু উদ্ভাৱকসকলক সহায় কৰিব পৰাকৈ কমেও ১০০ কোটি টকা ধাৰ্য কৰা বুলি ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।