January 11, 2026 12:27 PM | Majuli

printer

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ এটা চাৰিজনীয়া দলে কালি মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ, বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ এই দলটোত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, ভবেন্দ্র নাথ ভৰালী আৰু আব্দুৰ ৰছিদ মণ্ডলো আছিল। এই ভ্রমণ কালত দলটোৱে মাজুলীৰ জিলা সংহত কার্যালয়, শ্রীশ্রীআউনীআটি সত্র তথা সমীপৰ তাৰকা গৃহ আৰু বিজ্ঞান কেন্দ্র পৰিদর্শন কৰি। তেওঁলোকে দৰিয়াৰ কেঁচু সাৰ প্রকল্পও পৰিদর্শন কৰে। ইয়াৰ পাছতে মাজুলী জিলা আযুক্ত কার্যালয়ত বিধায়ক কেইগৰাকীয়ে এখন গুৰুত্বপূর্ণ বৈঠকত অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।