ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে

দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্রটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১ শতাংশ বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসমৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজসমূহকো আহ্বান জনাইছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ আইনী পদক্ষেপৰ বাবে বাল্য বিবাহ হ্ৰাস পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষাৰ তথ্য অনুসৰি কালি নতুন দিল্লীত প্রকাশিত টুৱাৰ্ডছ জাষ্টিছ শীৰ্ষক প্ৰতিবেদনত অসমৰ বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতি প্রশংসা কৰা হয়। বাল্য বিবাহ মুক্ত ভাৰতৰ প্ৰতিষ্ঠাপক ভূৱন ৰিবু আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা সংস্থাৰ অধ্যক্ষ প্রিয়ংক কাননগোয়ে এই প্রতিবেদন উন্মোচন কৰি সমগ্ৰ দেশৰ ভিতৰতে অসমত ২০২১-২২ চনৰ তুলনাত ২৩-২৪ বৰ্ষত ৰাজ্যখনত ৮১ শতাংশ বাল্য বিবাহ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰে। প্ৰতিবেদনৰ তথ্য অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত ২০২১-২২ বৰ্ষত বাল্য বিবাহৰ ঘটনা ৩ হেজাৰ ২২৫ টা পৰা ২০২৪ চনত ৬২৭ টালৈ হ্ৰাস পাইছে। সমগ্ৰ দেশত প্রতি মিনিটত তিনিখনকৈ বাল্য বিবাহ সম্পন্ন হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।