ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 28, 2024 6:14 PM | Assam | Boxing

printer

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ’ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৩ শতাধিক খেলুৱৈয়ে অংশ ল’ব। অহা ২ ডিচেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং সংস্থাৰ সচিব হেমন্ত কুমাৰ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয় যে এই প্রতিযোগিতাৰ পৰাই অহা জানুৱাৰীত হ’বলগীয়া এলীট ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পুৰুষ আৰু মহিলাৰ দল বাছনি কৰা হ’ব। এই প্রতিযোগিতাত অলিম্পিয়ান বক্সাৰ শিৱ থাপা, লাভলীনা বৰগোঁহাই আৰু অসমৰ তাৰকা বক্সাৰ অংকুশিতা বড়ো, যমুনা বড়ো আদিয়ে অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।