● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়।
জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।