অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ পায়। তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬৫০টা পদৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে।
অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত এই ফলাফলসমূহো ঘোষণা কৰা হয়। একেদৰে অসম আৰক্ষীৰ ১৪৪টা উপ-পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ ৭টা উপ- পৰিদৰ্শক, অসম কামাণ্ডো বেটলিয়নৰ ৫১টা উপ-পৰিদৰ্শক আৰু ১৬৪টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰো ফলাফল আজি ঘোষণা কৰা হয়। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি কনিষ্টবল পদত থকা স্থগিতাদেশ প্রত্যাহাৰ কৰাৰ পাছত বাকী থকা ৫ হাজাৰ ৬১৪ টা পদৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।