ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ সফল সামৰণি

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱৰ আজি সফল সামৰণি পৰে। এই মহোৎসৱৰ সময়ছোৱাত প্ৰতি দিনে শতাধিক শিশু চেমনিয়াৰ মাজত যোগাসন, কলা সংস্কৃতিৰ কৰ্মশালা, চলচ্চিত্ৰ প্ৰদৰ্শন আৰু গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। আজিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহাই প্রতিটি শিশুৱে প্ৰতিভাশালী আৰু প্ৰত্যেকৰে বেলেগ বেলেগ প্রতিভা থাকে বুলি মন্তব্য কৰে। শিশু মহোৎসৱৰ জৰিয়তে অসম প্ৰকাশন পৰিষদে শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিছে বুলিও তেওঁ কয়। অনুষ্ঠানত ভাষণ দি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই যোগাসন, অভিনয়, মুকাভিনয়, সংগীত, নৃত্যৰ কৰ্মশালা আৰু মনোগ্ৰাহী সাংস্কৃতিক কাৰ্যসূচীৰে শিশু মহোৎসৱে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ পৰামৰ্শ অনুসৰি গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।